Saturday 12 April 2014

বেজিয়া



তাক সম্ভৱত প্লেটফৰ্মৰ বাহিৰতেই লগ পাইছিলো। আৰু সুধিছিলোঁ,

:তাতেই আছ’নে ?

:হয় দিয়ক। তাতেই আছোঁ ।

তাৰ কথা শুনি মই এক প্ৰকাৰ উচপ খায়ে উঠিছিলো। মই তাক মাৰোৱাৰী ভাষাত সোধা প্ৰশ্নটোৰ উত্তৰ তেওঁ সুন্দৰকৈ অসমীয়াতেই দিলে, কি কথা। ল’ৰাটো আছিল নটবৰৰ ভায়েক। আমাৰ আঠীয়াবাৰী বজাৰৰ ভিতৰত নটবৰহঁতৰ চুবাটো আছিল বাৰমিহলি চুবা। পিছে ইঘৰ-সিঘৰৰ মাজত থকা মিলা-প্ৰীতি দেখিলে ভাব হয় যেন এঘৰৰ মানুহে চুবাটো ভৰি আছে। ইহঁতৰ ঘৰৰ গাতে লাগি থকা ঘৰটো আছিল মথুৰা মাষ্টৰৰ ঘৰ। বংশ পৰম্পৰাত মথুৰা মাষ্টৰহঁত আছিল ওচৰৰ কীৰ্তন ঘৰৰ মেধি। পিছে মেধি বাপৰ প্ৰসাদ নখাইবা গৃহো নপসশিবা ভক্তি হৈব ব্যভিচাৰ পৰম্পৰা ধোৱা চাংত উঠাৰ ক্ষেত্ৰত কেৱল চাকৰিটোৱে কাল হোৱা নাছিল। এই ক্ষেত্ৰত আঠীয়াবাৰী বজাৰৰ এই চুবাটোৰো অৰিহণা ঢেৰ। পিছে মাষ্টৰৰ আক্ষেপো নাই। মাষ্টৰৰ ল’ৰা-ছোৱালীকেইটা আছিল একোজনকৈ ভাষাবিদ। কোনো নতুন ভাষা শিকাৰ ক্ষেত্ৰত ইহঁতকেইটা মাৰোৱাৰীতকৈ চৰা। সল-সলিয়াকৈ কব পাৰে খাটি মাৰোৱাৰী ভাষা। যেন বিকানেৰৰ পৰাহে আহিছে। নটবৰহঁতৰ ঘৰখন আকৌ উলোটা। সিহঁতকেইটাইতো ভায়েক-ককায়েকৰ মাজতো বৰপেটীয়াই মাৰি থাকে।

আমাৰ আঠীয়াবাৰী বজাৰৰ ভিতৰত এই চুবাটোৰ আব-ভাব কিছু সুকীয়া। কাৰণ আমাৰ ইয়াৰে অসমীয়া, মাৰোৱাৰী, বঙালী কোনো এটা সম্প্ৰদায়ে নিজা নিজা পৰম্পৰা বা সমাজ ব্যৱস্থাৰ পৰা এখোজো ওলাই আহিব নোখোজে। এটা সম্প্ৰদায়ৰ লগত আন এটা সম্প্ৰদায়ৰ ঘনিষ্ঠতা নিতান্তই কম। যি অলপ আছে সেয়াও যেন এৰাব নোৱাৰা এক কাৰণতহে ওলমি আছে। যেনে, শিক্ষকৰ লগত ছাত্ৰৰ, দোকানীৰ লগত গ্ৰাহকৰ যিমানখিনি সম্পৰ্ক ৰক্ষা কৰিলে একো অসুবিধা নোহোৱাকৈ চলি থাকিব পাৰি সিমানখিনি সম্পৰ্কই ৰৈ গৈছে বিভিন্ন সম্প্ৰদায়ৰ মাজত। ওচৰৰ বঙালী ঘৰত বিয়া-বাৰু হলে আমাৰ ঘৰলৈ বৰযাত্ৰী হোৱাৰ নিমন্ত্ৰণ নাহে, নিমন্ত্ৰণ আহে বৌ-ভাতৰহে। আমাৰো একেই কথা গাড়ীত ভিৰ কৰি দৰাঘৰীয়া হৈ যোৱাৰ চখতো দুৰৰে কথা, বৌ-ভাতৰ নিমন্ত্ৰণলৈ যাব লগা হলেও আমি ভায়েক-ককায়েক কেইটাই দায় সৰা মনোভাবেৰে ইজনে সিজনৰ মুখলৈ চাওঁ। বোলো, কোনোবা এজনে গৈ লেঠাটো মাৰি থৈ অহা হলেই ভাল।

হলি হল আমাৰ আঠীয়াবাৰীৰ জাতীয় উত্সৱ । ইয়াত তিনিদিনলৈকে চলে হলি। মাৰোৱাৰী হলিৰ দিনা, অসমীয়া আৰু বঙালী ল’ৰা-ছোৱালীবোৰে ধুনীয়াকৈ ভাত-পানী খাই স্কুললৈ ওলাই যায়। আৰু অসমীয়া আৰু বঙালী হলিৰ কেইদিন মাৰোৱাৰী ল’ৰা-ছোৱালীবোৰে ঘৰৰ ভিতৰতে দুৱাৰ-খিৰকি বন্ধ কৰি লুড্ডু খেলি থাকে।

জোৱাই চুবা নামে খ্যাত নটবৰহঁতৰ গলিটো আকৌ তেনেকুৱা নহয়। আঠীয়াবাৰী বজাৰত বিয়া-বাৰু পাতি পেটৰ দায়ত কোনোবাই যদি দু-পইচা আয় ইনকাম কৰিম বুলি ভাবে তেন্তে পোনে পোনে সেই গলিটো লৈকেই ধপলিয়ায়। তিনি-চাৰিজনমান তেনে জোৱায়েকে তাত থাকিবলৈ লোৱাৰে পৰা সম্ভৱত চুবাটোৰ নামেই জোৱাই চুবা হৈ পৰে। পিছে কথাটো যে আমাৰ জন্মৰো আগৰ কথা সেয়া নিশ্চিত। চুবাৰ আটাইতকৈ ডাঙৰ কথাটো আছিল যে তাত সাম্প্ৰদায়িক বিভাজনৰ ৰেখাডাল মুঠেও স্পষ্ট নাছিল। হলিৰ তিনিওটা দিনেই তাৰ ল’ৰাবোৰে ৰংত ডুবি থাকে। মাৰোৱাৰীৰ ঘৰৰ লক্ষ্মী পূজাৰ আৰতিৰ গীত মেধি মাষ্টৰৰ লৰাই এটা সময়ত বজাৰ কলেজকে ধৰি গোটেই জিলাখনতে জনপ্ৰিয় কৰি তুলিছিল।

নটবৰ আছিল সাংঘাতিক মেলকি স্বভাৱৰ। পূজা নাই বিহু নাই সকলোতে নটবৰ এক নম্বৰত। ভৰ হৰিৰ দিনা যেতিয়া কীৰ্তন ঘৰৰ পৰা কলিয়া গোঁসাইক উলিয়াই দোলাত তুলি নগৰ পৰিভ্ৰমণ কৰে, সিদিনাখন নটবৰক দেখা যায় সকলোৰে আগত। আৰু আমি খিৰিকিৰে জুমি জুমি চাওঁ।

:এই চা, চা সেইটো নটিয়া

:অ’ নটিয়া দেখোন, চা চা কেনে ভূত হৈছে !!

শংকৰদেৱৰ তিথিতো সি ডিঙিত ফুলাম গামোচা মেৰিয়াই বুকুফুলাই শোভাযাত্ৰাৰ আগে আগে গৈ থকিব। দেখি এনে লাগে যেন মাধৱ দেৱৰ পিছত নটবৰেই অসমীয়া জাতীয় সংস্কৃতিৰ এক মাত্ৰ ধ্বজা বাহক।

গতিকে সিদিনাখন যেতিয়া নটবৰৰ ভায়েক বেজিয়াই মোক আজি কালি আমি তাতেই আছো বুলি অসমীয়াতেই কৈছিল তেতিয়া অলপ সময়ৰ বাবে হলেও মোৰ মনত ভাব হৈছিল যে বেজিয়া বুলি আন কাৰোবাকতো মাত নলগালো। পিছে মনত পৰি গ’ল যে ইহঁতে ভায়েক-ককায়েকৰ মাজতো অসমীয়াতেই কথা পাতে।

ইয়াতে চহৰৰ ৰেল লাইনেদি যেতিয়া মালগাড়ী অহাৰ বাবে ৰেল ক্ৰচিংৰ খুটা ডাল পেলাই দিয়ে তেতিয়া পাৰিলে যেনি তেনি ৰেল লাইনটো পাৰ হোৱাৰ বাবে মই উদগ্ৰীৱ হৈ পৰো। কাৰণ হল এফালে চহৰত সোমাৱাৰ লগে লগে ৰেলৰ গতি হৈ পৰে ধীৰ, আনহাতে ষ্টেচনত ৰখাবলৈ খালি ঠাই নাপালে মাল গাড়ীখন ক্ৰচিংৰ ওপৰতে থম-থমকৈ ৰৈও থাকিব পাৰে বহু পৰলৈকে। যেন কাৰো একো কামেই নাই। সিদিনাখন মালগাড়ীৰ পাৰ হোৱালৈ ক্ৰচিংত ৰখি থাকোতেই বেজিয়াক দেখিছিলো। ৰৈ থকা ৰেলগাড়ীখনলৈ দেখুৱাই দি এইবাৰ আকৌ ময়ে অসমীয়াত সুধিলো,

:কেনে আছা ?

:মনত আছে ৰাজু কিমান টুকুৰা হৈছিল।

সি মুখেৰে একো নকলে, কেৱল হাঁহি এটা মাৰি মূৰ দপিয়ালে।

আঠীয়াবাৰীত থাকোতে কেতিয়াও বেজিয়াৰ লগত মোৰ কোনো ধৰণৰ কথা-বতৰা হোৱা নাছিল। এনেকি তাৰ ফালে চাই হাঁহি এটাও মাৰিব লগা হোৱা নাছিল। দিনটোত কেইবা বাৰো লগ পোৱা কোনো লোকৰে সৈতে হয়তো তেনে সৌজন্যতাৰ প্ৰয়োজনো নহয়।

:বাকী খবৰ? জুমলা ডাঙৰেই হল কিজানি ? তাই কি এতিয়াও দুষ্টামি কৰে

নেকি ?

মোৰ কোনো প্ৰশ্নৰে দীঘলীয়া উত্তৰ তাৰ ওচৰত নাছিল আৰু তাৰ ফালৰ পৰাও কব লগা একো নাছিল। সম্ভৱত সেই সময়ত আমাৰ তাতে আমি সাধাৰণ মানুহৰ লগত যি দূৰত্ব অবলম্বন কৰিছিলো, তাৰ বাবেই হয়তো সিদিনা বেজিয়াই কিছু অসহজ হৈ মোৰ সৈতে কথা পাতিছে। আঠীয়াবাৰীত যাছি অহা সন্মানৰ প্ৰভাৱৰ পৰা বেজিয়া এতিয়াও মুক্ত নহয়। পিছে এই সন্মান বা ইতস্থত: বোধৰ অৰ্থই বা কি ? ভীৰ-ভাৰ ফুটপাথ বা বজাৰ সমাৰত আমি চিনাকী মানুহক দেথিলে হাঁহি এটা মাৰি অথবা হাতখন দাঙি অভিনন্দন জনাই লেঠা মাৰি নিজকলৈ ব্যস্ত হৈ পৰো। ইয়ে আমাৰ নৈমিত্তিক।

ৰেলৱে ক্ৰচিংত ৰেলগাড়ী পাৰ হোৱাৰ অপেক্ষাত ৰৈ থাকোতে আকৌ এদিন তাক দেখা পালো। মই সুধিলো-

:দাদাৰ কিবা খবৰ....?

:নাই। একো খবৰ নাই।

সি মূৰ জোকাৰি নিৰ্বিকাৰভাৱে কলে।

:থানা-পুলিচত একো যোগাযোগ কৰা নাই নেকি ?

:এহ, এইবোৰৰ পৰা একো লাভ নাই।

এনেধৰণৰ অবাঞ্ছিত উপদেশৰ কামোৰে তাক বিৰক্ত কৰাৰ ভাব মোৰ দৃষ্টিগোচৰ হোৱা যেন পালো। বহু কিবা কিবিয়ে হয়তো সি কব খুজিছিল, পিছে সেয়া নিশব্দে ৰৈ গ’ল তেওঁৰ আল জিভাৰ তলত। সি হয়তো কলেহেঁতেন,

পুলিচ-টুলিচৰ পিছত দৌৰি কি লাভ ? যি হব লগা আছিল সেয়াতো হৈয়ে গ’ল। ঘৰৰ ফালেওতো চাব লাগিব। বিমলীও ডাঙৰ হৈ আহিছে। বেকাৰ দুটাকৈ বছৰ এইবোৰৰ পিছতে খেদিলো। বাচি থাকিলে এতিয়ালৈকে ঘূৰি আহিলে হেঁতেন।

:বাচি থকা নাই বুলিনো তই কেনেকৈ কব পাৰো ? মই সুধিলো।

:বাচি আছে বুলিয়ে নো আপুনি কেনেকৈ কব পাৰে ? মানুহৰ মুখৰ কথাৰ কিবা সীমা সংখ্যা আছে নে। বাতৰি কাকততো আপুনিও পঢ়ে। সেই কোনবা কাকত এখনত কেইশাৰীমান কথা ওলাইছিল নহয়। আমাৰ তাতে নো কোনে কাকত পঢ়ে ? আমি নপঢ়ো। পিছে সেই বাতৰি দুশাৰী পঢ়াৰ বাবে কমখন কৰিব লগা হৈছিল নে ? দুশাৰী বাতৰিৰ বাবে কাকতৰ অফিচ বিচাৰি ওলাইছিলো গৈ। তাৰ পিছত সেই পুৰণি সংখ্যাৰ বাতৰি কেইশাৰী বিচাৰি উলিওৱাৰ বাবে কিমান যে কাকূতি মিনতি কৰিব লগা হৈছিল সম্পাদক ডাঙৰীয়াক। কথাটো আপুনিও নজনাকৈ নাই কিজানি, বাতৰিটো বিচাৰি কাকতৰ অফিচলৈ মোক যোৱা দেখি কাকতৰ সম্পাদক গৰাকী কিমান যে হতাশ হৈ পৰিছিল, ঈশ্বৰে জানে। আচলতে সম্পাদক ডাঙৰীয়াতকৈ মইহে বেচি হতাশ হৈছিলো তেওঁৰ কথা শুনি। কি নিৰ্মমভাৱে সম্পাদক এগৰাকীয়ে তেওঁৰে কাকতৰ বাতৰি এটা সম্পৰ্কে তেনে মন্তব্য কৰিব পাৰে। তেখেতে কি কৈছিল জানে ? এহ সেই দুশাৰী বাতৰি বা সঁচাই আছিল নে মিছাই আছিল। পিছে তেওঁ এষাৰ কথা কৈছিল যে, স্থানীয় সংবাদদাতাই খবৰটো পঠিয়াইছিল। গতিকে বাতৰিটোৰ সত্যা-সত্য তেওঁ হে জানিব। বঢ়িয়া !! সেই সংবাদদাতা মহাশয় আকৌ মাষ্টৰি চাকৰি পাই গুচি গৈছে কৰিমগঞ্জলৈ। এহ, বাদ দিয়ক আৰু এইবোৰ আতি গুৰি নথকা কথা।

জীৱন্ত বাস্তৱৰ পুনৰমন্থন কৰি কৰি তাৰ হয়তো গল ৰূঢ় হৈ পৰিছে। অথবা এতিয়ালৈ এই প্ৰশিক্ষণ সমূহে তাক বহু কঠিন কৰি তুলিছে আৰু সেয়ে হয়তো কথাৰ মাজতে মোৰ কথাক এক প্ৰকাৰ নস্যাত্ কৰি কৈ দিলে, বাদ দিয়ক বাদ দিয়ক আৰু এইবোৰ কথা।

:এটা কাম কৰিব চোন কম-চম পইচাত কৰোবাত ভাড়া ঘৰ পোৱা যাব নেকি চাব ? আমি তিনিজন লৰা একে লগে মেচ কৰি থাকিম। আমি গোটেই কেইটা একেই।

মাল গাড়ীখন সম্ভৱত সোনকালে এৰাৰ মতলব নাই। ক্ৰচিংৰ দুয়োফালে লাহে লাহে ভীৰৰ ঘনত্ব বাঢ়ি আহিব ধৰিলে। গধুলিৰ গাখীৰ আনিবলৈ ওলাই যোৱা বনকৰা মানুহজনে গাখীৰৰ পাত্ৰ কাষলতিত ডবাই লৈ আড্ডাত ব্যস্ত হৈ পৰিছে। ক্ৰচিংৰ দুয়োফালে স্কুটাৰত বহি থকা লোক সকলৰ দৰে বন কৰা মানুহজনৰ চকুৱে মুখে কোনো ব্যতিব্যস্ততা পৰিলক্ষিত হোৱা নাছিল। অনাহকত স্কুটাৰৰ হৰ্ণ বজাই স্কুটাৰ আৰোহীহে নিজকে সান্তনা দিয়াৰ বাহিৰে যে আন একো কৰিব নোৱাৰে সেই কথাটো তেওঁৰ বাহিৰে হয়তো আন সকলোৱে জানিছিল। পিছে নাজানে কেৱল ক্ৰচিংৰ দুয়ো পাৰে হৰ্ণ বজাই কলাহল সৃষ্টি কৰা আৰোহী কেইজনে। প্লাস্টিকৰ বেগত কিতাপ-বহী লৈ টিইচনৰ পৰা ঘূৰি অহা কণ কণ ল’ৰা ছোৱালী কেইটাই এহাতে কিতাপৰ মোনা আৰু আন হাতত নিমখ লৈ বগৰী খোৱাত ব্যস্ত। বগৰীৱালাটোক ঘেৰি ধৰি ল’ৰা ছোৱালী কেইটাই মনৰ তৃপ্তিৰে মোহাৰি পেলাইছে স্কুলীয়া, ঘৰুৱা সকলো অনুশাসন। মাল গাড়ীখনে লাহেকৈ এটা ঝটকা মাৰি আগলৈ আগবাঢ়িবলৈ ললে। ডবাৰ জইনবোৰে এটাই আনটোৰ লগত টনা অঁজৰাকৈ এটা মৃদু প্ৰাচীন শব্দৰ লহৰ তুলি আগুৱাবলৈ ধৰিলে আৰু শব্দৰ উত্স ক্ৰমে ইঞ্জিনৰ পৰা বাগৰি বাগৰি গাৰ্ড থিয় হৈ থকা শেষটো ডবালৈকে বাগৰি গ’ল এক সাংগীতিক লয়েৰে।

মগজুটোৱে এটা জোকাৰ খাবৰ বাবে ইমানেই যথেষ্ট। এজন মানুহৰ জীৱন নিৰ্ভৰ কৰিছে এখন অখ্যাত কাকতৰ দুশাৰী বাতৰিৰ ওপৰত। সেই বাতৰি দুশাৰী লিখা সংবাদদাতা জনে কি কৈছিলে ? মাষ্টৰ জনে যেতিয়া বন্ধত ঘৰলৈ আহিছিল তেতিয়া বেজিয়াহঁতৰ ঘৰৰ মানুহ তেওঁক বিচাৰি তেওঁৰ ঘৰলৈ গৈছিল। বহু ভিতৰ গাঁওত তেওঁৰ ঘৰ। গাড়ী ঘোঁৰাতো দূৰৰে কথা দুডলীয়া বাঁহৰ সাঁকোৰে ধৰি ধৰি পাৰ হব লাগে কেইবাটাও বাট। যিটো অসমৰ সকলো গাঁওৰে মাজত থকা বৈসাদৃশ্যৰ মাজত এক নম্বৰ সাদৃশ্য। নটবৰৰ বাপেকৰ আছিল গাঁঠি বাত। ৰিক্সা নহলে কলৈকো এখোজ ওলাব নোৱাৰে। পিছে হাতৰ মুঠিত জীউটোলৈ বগুৱা বাই সংবাদদাতা দাসৰ ঘৰত উপস্থিত হোৱাত গোটেইখন গাঁওৰ মানুহ সিঘৰত গোট খাইছিল চহৰৰ মানুহ চোৱাৰ বাবে। সংবাদদাতা মাষ্টৰে পাৰে মানে অতিথি আপ্যায়ন কৰিছিল। গুৰৰ চাহ, লাড়ু, পিঠা। পিছে নটবৰৰ বাপেকে পোন চাটেই দাসক সুধিলে-

:আপুনি তেওঁক নিজ চকুৰে দেখিছিল নে ?

:নাই দেখা।

:ক’ত পুতিছে ? সেই ঠাই খিনি আপুনি দেখুৱাব পৰিব নে ?

:মইনো কেনেকৈ দেখুৱাম ? মই নিজেই দেখিলে হে।

তেওঁ অসহায় হৈ পৰিছিল। চুচুক চামাক কৈ গাঁওৰ মানুহবোৰৰ ফালে চাই তেওঁ কলে,

:এতিয়া আৰু হত্যা অপহৰণ কিবা নোহোৱা কথা হৈ আছে নে ? আমাৰ জিলাতেই মাহত ত্ৰিশটাকৈ অধিক অপহৰণ হয়। এতিয়া তাৰে কাক কোনে ক’ত লৈ যায়, কোনে ঘূৰি আহে আৰু কোন বা....। হয় নে নহয়। এতিয়া আপুনিয়ে কওঁকচোন বাৰু, এজন সাধাৰণ সংবাদদাতাই নো কেনেকৈ সকলোৰে খবৰ ৰাখিব....., আচল কথাটো হল সংগঠনৰ ল’ৰা এটা আছিল মোৰ ছাত্ৰ আৰু সিয়ে আহি আহি মোক খবৰবোৰ দি গৈছিল। এতিয়াতো সিয়ে পুলিচৰ গুলীত........

মাষ্টৰ সংবাদদাতাই গাঁওৰ মানুহৰ ভীৰ ভাৰৰ প্ৰতি লক্ষ্য ৰাখি কথা আধাতে সামৰিলে। নটবৰৰ বাপেকে চাহ পিঠা একোকে নুচুৱাকৈ গুচি আহিছিল।

মই এখোজ দুখোজ কৈ বেজিয়াৰ কাষ চাপি গৈ কেৱল মূৰ জোকাৰি নি:শব্দে সুধিছলো,

:কি খবৰ ?

সন্মানজনক ভংগীৰে সি কৈছিল-

:ঠিকেই আছো দিয়ক।

:দেউতাই এতিয়া অলপ-চলপ বাহিৰলৈ ওলায় নে ?

:অ’ এতিয়া ওলাবলৈ লৈছে। আমিয়ে তেখেতক বাহিৰলৈ ওলাবলৈ জোৰ দি থাকো। ঘৰৰ ভিতৰত বহি থাকিলে সেই একেটা কথাই মনত পৰি থাকে। বাহিৰত ওলালে কিজানি মনটো অলপ ফৰকাল হয়েই। মাকনো কোনে বুজাব!!

নটবৰৰ জন্মৰ দিনটো মোৰ হুবহু মনত আছে। সি আছিল সৰু ভায়েক। তাৰ পিছত জন্ম হয় বেজিয়াৰ। বেজিয়া হল সিহঁতৰ শেষ আৰু সাত নম্বৰ ভায়েক। তিনি বায়েক ভনী মিলি সিহঁতত দহজন ল’ৰা ছোৱালী। পোৱালিটোক চোৱাৰ বাবে মই সিহঁতৰ মাকৰ ওচৰলৈ গৈছিলো। নটবৰৰ নাভিটো জন্মৰ কিছুদিনলৈকে দীঘল হৈয়ে আছিল। নাভিটো হেঁচি দিলে তললৈকে সুমাই যায় আৰু পিছত পুনৰ ওলাই আহে। সেইটো আমাৰ এক প্ৰকাৰ খেলেই হৈ পৰিছিল। সেই শুঁৰটোৰ বাবে আমি তাক শুঁৰিয়া বুলি মাতিছিলো। পিছত নটবৰ বুলি মাতিবলৈ দিগদাৰেই লাগিছিল। কোনোমতে নটবৰৰ ঠাইত আমি নটিয়া বুলিহে মাতিছিলো। মেধি মাষ্টৰৰ ল’ৰা কেইটাই আকৌ তাক নেইট্টা বুলিহে মাতিছিল।

নটবৰৰ লগত মোৰ কেনে সম্পৰ্ক আছিল সেই কথাটো জানিও বেজিয়াই তাৰ ফালৰ পৰা একো কথাই মোক সুধা নাছিল। অতি মনোযোগেৰে মই তাৰ শৰীৰত নটবৰৰ স্মৃতি পঢ়িব খুজিছিলো। সি মোক সুধিছিল-

:ভাড়া ঘৰৰ কথা যে কৈছিলো, কিবা খবৰ কৰিছিল নে ?

:অ’ , খবৰ লৈছো ৰ’, পালে জনাই দিম।

তাৰ শৰীৰত নটবৰৰ স্মৃতি এখন উকা কাগজ সদৃশ। নটবৰক যেতিয়া উঠাই লৈ গৈছিল, তেতিয়া তাৰ বাপেক গৈছিল দেশত। টেলিফোনত ধন দাবী কৰা ল’ৰাবোৰে তেতিয়াই এদিন কৈছিল,

:দুই সপ্তাহ মান লাগিব। ৰব লাগিব। তোমালোক ভাইহে, ভাইৰ নো ভাইৰ প্ৰতি কি মমতা থাকিব। বাপেক আহিলেহে আমি কথা পাতিম।

বাপেক অহাৰ পিছত বন্ধ হল ফোন অহা। পুলিচ মেলটাৰীৰ প্ৰেছাৰ বঢ়াৰ দোহাই দি দায় সাৰে। বাপেকেতো পুতেকৰ হাতৰ এখন চিঠিৰ বাবেও দহ হাজাৰ টকা দিবলৈ ৰাজি আছিল। গাঁওৰ পৰা সদায় একোজন কৈ ল’ৰা আহে আৰু খবৰ আনি দিয়াৰ প্ৰতিশ্ৰুতি দি যায়। অহা যোৱাৰ বাবদ শ-পঞ্চাশ টকা লৈ যোৱাৰ পিছত কোনেও পুনৰায় মুখ নেদেখায়। সেই ল’ৰাবোৰেই কৈছিল,

:খুৰা, পুলিচ মেলেটাৰীৰ প্ৰেছাৰ তাম্মাম বাঢ়িছে। এটা কথা কওঁ খুৰা বেয়া নাপাব, পুলিচক কথাটো জনাই আপোনালোকে বিৰাট ভুল কাম কৰিলে। এইটো ইমান ডাঙৰ কেচ নাছিল। দহ-বিশ হাজাৰ টকাৰে কেচ আছিল। উঠাই লৈ যোৱা ল’ৰাবোৰক কিবা সংগঠনৰ ল’ৰা বুলি ভাবিছে নেকি ? সেইবোৰতো সেই স্কুল কলেজৰ ল’ৰাহে। ভাবিছিল হয়তো পূজাত খাই বৈ অলপ মস্তি কৰিম। ইমানে। পিছে কথা বিষম দেখি সংগঠনৰ হাতত তুলি দিয়ে। এতিয়া কথা হল, সিঁহত কোন ডিষ্টিকৰ সেইটো কথা প্ৰথমতে জানিব লাগে। আমাৰ ডিষ্টিকৰ হলেতো কথাই নাই, আপোনাৰ লৰা ঘূৰাই অনাৰ ৰিস্ক মোৰ। কাম হৈ যোৱাৰ পিছত কিন্তু মোক পাহৰি নাযাব খুৰা।... আচলতে আপুনি আহোতেও বহুত দেৰি কৰি দিলে নহয়। ইহঁত ভায়েক ককায়েক কেইটাৰ দ্বাৰা এইবোৰ কাম চেটেল নহয় নহয়, চাওঁক মোৰ কথাত আকৌ বেয়া নাপাব দেই।

ল’ৰাটোৱে শ-পঞ্চাশ লৈ বিদায় লয়। জীৱনৰ অধিকাংশ সময়ে বাটৰ মানুহ এটালৈও চাব নলগাকৈ গদীত বহি কটোৱা বাপেকে এতিয়া নিজেই হৈ পৰিছে জিলাথনৰ এখন ভূচিত্ৰাৱলী।


মাল গাড়ীখন লৰ-চৰ কৰিছে। ওলাই যাব কিজানি। বাঘৰ আগ তেল খোৱা ল’ৰা কেইটাই ক্ৰচিংৰ খুটাটোৰ তলেৰে আগবাঢ়ি আহিছে। গাখীৰ নিবলৈ অহা বনকৰা মানুহজনৰ শৰীৰত পুনৰ বিৰক্তিৰ ভাব প্ৰস্ফুটিত হৈ উঠিল আৰু নিৰ্বিকাৰভাৱে পোন হৈ গন্তব্যস্থানলৈ যাব লৈ ওলালে। ৰৈ থকা স্কুটাৰবোৰে পুনৰ কৰ্কশ শব্দৰে ঘোৰঘোৰাবলৈ ধৰিলে। বেজিয়াও ৰেলখন এৰাৰ আগতেই মোৰ পৰা বিদায় ললে।

:আহো তেতিয়া হলে...। সেই ভাড়া ঘৰৰ কথাটো পাহৰি নাযাব।

বেজিয়া বাৰু ইমান উদাসীন হৈ পৰিছে কিয় ? নটবৰৰ ঘটনাটোৱে বাৰু.....? এতিয়া নটবৰতকৈ বেজিয়াৰ চেহেৰাটোহে মোৰ মনত বেচিকৈ ভাহি উঠা হল। তাৰ বিবশ মলিন মুখখনে মোক যেন দিনে ৰাতি খেদি ফুৰা হল। সি বেজিয়াই হয়তো !!



***



প্ৰফেচৰ বন্ধু এজনে মোক ফোন কৰি কৈছে যে মোৰ ওচৰলৈ শিৱ কুমাৰ দাস নামৰ ল’ৰা এজন আহিব। তেওঁক যিকোনো প্ৰকাৰে কৰোবাত এডজাষ্ট কৰাব লাগে। লৰাজন বন্ধুজনৰ গাঁৱ মুছলপুৰৰে। বন্ধুজনে কোৱা মতে দুবছৰ আগতে লৰাজনৰ ককায়েকৰ অপহৰণ হৈছে, এতিয়ালৈ কোনো খোজ খবৰ নাই। মানে লৰাজন বৰ কষ্টত আছে। আবেলি পৰত মই অফিচত বহি অপেক্ষা কৰি আছিলো সেই লৰাজনৰ, পিছে কৰোবাৰ পৰা আহি ওলালহি বেজিয়া। নাজানো তাক বা কোনে মোৰ অফিচৰ ঠিকনাটো দিছে। সি মোক দেখি এবাৰলৈ হাঁহি এটাও মৰা নাই, বৰং মোক দেখি আচৰিত হোৱা যেন হে পালো। তাৰ পিছত সি যেতিয়া মোৰ নামটো লৈ মোকেই সুধিছে যে এই মানুহজনক লগ পাবলৈ আহিছো, তেতিয়া অধিক আচৰিত হৈ পৰিলো মই নিজেই। মই সুধিলোঁ-

:কি হল হে বেজিয়া, তই মোক চিন পোৱা নাই নেকি ?

:ছাৰ মোক প্ৰফেছাৰ ছাৰে পঠিয়াইছে।

অতি কৰুণভাৱে তেওঁ কলে।

:প্ৰফেছাৰ ছাৰ ?

:হয় ছাৰ, সঁচাকৈয়ে প্ৰফেছাৰ ছাৰে পঠিয়াইছে....। মোৰ নাম নাম শিৱ কুমাৰ দাস। মই....

:ৰবা, ৰবা তুমি বেজিয়া নহয় নেকি ? মানে আমাৰ আঠীয়াবাৰীৰ ?

:নহয় ছাৰ। মোৰ নাম....। আপুনি যেতিয়া দাদাৰ কথা সুধে তেতিয়া মই ভাবিছিলো যে, আপুনিও হয়তো দাদাক চিনি পায়। দাদাক নো কোনে চিনি পোৱা নাছিল।

কংক্ৰীটৰ হাবিৰ কোনোবো মুধচেদি হয়তো কোন কেতিয়াবাই বেলি লহিয়ালে। মই উঠি গৈ টিউৱ লাইটটো জ্বলাই দিলো। আৰু টিউৱ লাইটৰ গাখীৰ বৰণীয়া পোহৰত পুনৰায় পুংখানু-পুংখকৈ ল’ৰাজনৰ চেহেৰাটো চালো। তেওঁক কোনোখিনিতে বেজিয়াতকৈ বেলেগ যেন নালাগিল।